যদি শৰীৰ সুস্থ, স্বাভাৱিক হয়, তেতিয়াহে কাম কৰাৰ শক্তি বৃদ্ধি পাব। সুস্বাস্থ্যৰ বাবে কেৱল খাদ্যাভ্যাসেই নহয়, নিয়মীয়াকৈ ব্যায়ামৰ প্ৰয়োজন হয়। শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱৰ ফলত অধিক জটিল সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে সামগ্ৰিকভাৱে সুস্থ হৈ থাকিবলৈ ব্যায়ামৰ বিকল্প নাই। কিন্তু ব্যস্ত কামৰ বাবে বহুতে জিমলৈ গৈ ব্যায়াম কৰিবলৈ সময় নাপায়। সেই ক্ষেত্ৰত কি কৰিব লাগে?
১. খোজ কাঢ়ি যাওক দিনটোৰ যিকোনো সময়তে, ৰাতিপুৱা বা গধূলি ৩৫ মিনিটৰ খোজ কাঢ়িব লাগে। ইয়াৰ উপৰিও ই কেলৰি জ্বলায়।
২. লিফটৰ সলনি চিৰিৰে যাওক।
৩. এটা ঠাইত বেছি সময় বহিব নালাগে। ৪০ মিনিট বহি থকাৰ পিছত কেইমিনিটমান খোজ কাঢ়িব লাগে।
৪. আপোনাৰ পোহনীয়া জন্তুটোক বাহিৰলৈ ফুৰিবলৈ লৈ যাওক। ইয়াৰ লগত কিছু সময় দৌৰা আৰু খোজ কঢ়াও জড়িত হৈ থাকে।
৫. ঘৰৰ কাম কৰক। ঘৰটো পৰিষ্কাৰ কৰক অৱসৰ লোৱাৰ সময়ত ঘৰৰ কাম কৰিলেও শৰীৰ লৰচৰ কৰিব। ইয়াৰ দ্বাৰা আপুনিও লাভৱান হ’ব।