Daily Time Axom

দুগৰাকী নাৰীক বলি দি টুকুৰা টুকুৰকৈ কাটি ৰান্ধি খালে মাংস

0 70

এয়াই প্ৰথা! ধন, ধন-সম্পত্তি, প্ৰতিপত্তি লাভৰ আশাত গাঁৱৰ দুগৰাকী নাৰীক বলিদান দিয়াৰ অভিযোগ! বলিদানৰ সময়ত দেৱাল আৰু মজিয়াত ছিটিকি পৰা তেজ ক’লা যাদুৰ বাবে শুভ! কেৰেলাৰ এখন দুৰ্গম গাঁৱৰ এই নৃশংস ঘটনাটোৱে সমগ্ৰ দেশবাসীক আতংকিত কৰি তুলিছে। ঘটনাৰ মূল অভিযুক্ত প্ৰৰোচক আৰু মাষ্টাৰমাইণ্ড এহাল দম্পতী আৰু এজন লোকক গ্ৰেপ্তাৰ কৰিছে কোচি আৰক্ষীয়ে। ঘটনাটোত দম্পতীহালৰ ওচৰ-চুবুৰীয়াই স্তম্ভিত হৈ পৰে। অতি সহজ-সৰল জীৱনত অভ্যস্ত দুজন মানুহ এনে এক নৃশংস ঘটনাত কেনেকৈ জড়িত হ’ল, কোনেও ভাবিব নোৱাৰে।

ভগবাল সিং আৰু তেওঁৰ পত্নী লাইলা তিৰুৱল্লাৰ বাসিন্দা। আৰ্থিক সংকটত ভুগিছিল দম্পতীহালে, বিভিন্ন আৰ্থিক সমস্যাত জুৰুলা হৈ পৰিছিল। সেই সময়ত তেওঁলোকে ফেচবুকৰ জৰিয়তে ৰছিদ ওৰফে মুহামন্দ শ্বাফীক লগ পাইছিল। পেৰুম্বাভুৰৰ বাসিন্দা শ্বাফী। সোধা-পোছাৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে দম্পতীহালে নিজৰ মাজত হোৱা আলোচনাৰ সময়ত আৰ্থিক সমস্যাৰ বিষয়ে শ্বাফীক জনাইছিল। সেই সময়ত শ্বাফীয়ে এজন মানুহক বলিদান দি সমস্যাটোৰ ক্ষিপ্ৰ সমাধানৰ কথা কৈছিল। আনকি শ্বাফীয়ে নিজেই মহিলাক এজেণ্ট হিচাপে নিযুক্তি দিয়াৰ দায়িত্ব ল’লে।

আৰক্ষীৰ জেৰাত অভিযুক্তই জনোৱা মতে, বলিদানৰ পিছত মহিলা দুগৰাকীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি পাঠানমথিটৰ এলান্তুৰ গাঁৱত ঘৰৰ পিছফালে পুতি থৈ যায়। আনকি শ্বাফীৰ মতে অভিযুক্ত দম্পতীয়ে ভুক্তভোগীৰ কিছু মাংস ৰান্ধি খাইছিল। কাৰণ শ্বাফীয়ে কৈছিল,সেই মাংস খাই নিজৰ বয়স বা যৌৱন ধৰি ৰখাটো সম্ভৱ। ঠিক তেনেকৈয়ে মাংসখিনি সিজাই খাব লাগে।

Leave A Reply

Your email address will not be published.