কিয়াৰাৰ সৈতে বিবাহৰ কথা মুকলিকৈ কি ক’লে সিদ্ধাৰ্থে

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহৰ উৰাবাতৰিয়ে এতিয়া বলীউডত হুলস্থুল সৃষ্টি কৰিছে। এপ্ৰিল মাহত বিয়া হ’ব বুলি শুনা গৈছে। বিয়া কেনেকৈ কৰিব, কোন উপস্থিত থাকিব বিবাহ অনুষ্ঠানত বহুকেইটা চৰ্চা। বিবাহৰ উৰাবাতৰি সন্দৰ্ভত সিদ্ধাৰ্থে নিজেই মুকলিকৈ ক’লে।

ভাৰতীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত সিদ্ধাৰ্থই এই বিষয়ত বক্তব্য আগবঢ়ায়। তেওঁ ক’লে, ‘মই জানো, আজি বা কাইলৈ, সচাঁ কথাটো সকলোৱে জানিব ৷ লুকুৱাব নোৱাৰি।’

সাক্ষাৎকাৰত সিদ্ধাৰ্থে কৈছিল যে তেওঁ ব্যক্তিগত জীৱনৰ ঘটনাবোৰ গোপন কৰি ৰাখি ভাল পায়। কিন্তু তাৰ জীৱনত লুকুৱাবলগীয়া একো নাই।

উৰাবাতৰিৰ ওপৰত সিদ্ধাৰ্থই কয়, নাই, ই মোক আমনি নকৰে। এইবোৰ কথাত চিন্তা কৰিবলগীয়া একো নাই, মই নাভাবো।

কিন্তু উৰাবাতৰি নুশুনা সত্ত্বেও এটা কথাত সিদ্ধাৰ্থ বৰ বিচলিত হৈ পৰিছিল। তেওঁ ক’লে, ‘এটা কথা মই বেয়া পাওঁ নোসোধাকৈ ফটো তোলাটো। যেতিয়াই ৰাস্তাত খোজ কাঢ়ি গৈ থাকোঁ আৰু কেমেৰাৰ ফ্লেছ দেখা পাওঁ। ব্যক্তিগত তুচ্ছ-তাচ্ছিল্যৰ বাহিৰে যেন এয়া আন একো নহয়।’

AssambollywoodDaily time axomInternationalNew Delhi
Comments (0)
Add Comment