‘পন্নিয়ান চেলভানে’ ‘বিক্ৰম’ৰ অভিলেখ ভংগ কৰি বক্স অফিচত ৪৫০ কোটি টকা উপাৰ্জন কৰে

৩০ ছেপ্টেম্বৰত মুক্তি পোৱা এই ছবিখনে ইতিমধ্যে কমল হাছানৰ অভিনীত ‘বিক্ৰম’ৰ অভিলেখ ভংগ কৰিছে। পৰিসংখ্যা অনুসৰি ৩ জুনত মুক্তি পোৱা ‘বিক্ৰম’ৰ উপাৰ্জন হৈছে বিশ্বজুৰি ৪৪২ কোটি। কেৱল তামিলনাডুত ১৮৩ কোটি টকা। আনহাতে ‘পন্নিয়ান চেলভানে’ ইতিমধ্যে বক্স অফিচত ৪৫০ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিছে। শেহতীয়াকৈ ই তামিলনাডুত ১৮৬ কোটি টকা উপাৰ্জন কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অহা এসপ্তাহৰ ভিতৰত ই ২০০ কোটি অতিক্ৰম কৰিব বুলি আশাবাদী বিশেষজ্ঞসকল।

উল্লেখযোগ্য যে মণি ৰত্নমৰ ছবিখন তামিল সাহিত্যিক কলকী কৃষ্ণমূৰ্থীৰ ঐতিহাসিক উপন্যাস ‘পন্নিয়ান চেলৱান’ৰ আধাৰত নিৰ্মিত। দুৰ্গা পূজাৰ মুডত মুক্তি পালে তেওঁৰ প্ৰথম খণ্ড। ছবিখনত কুইন অৱ দ্য চাউথ নন্দিনীৰ চৰিত্ৰত দেখা গৈছে ঐশ্বৰ্য ৰায় বচ্চনক।

চোলা ৰজাই নৱম শতিকাত দক্ষিণত শাসন কৰিছিল। সেই চোলা সাম্ৰাজ্যৰ কাহিনী প্ৰকাশ পাইছে মণি ৰত্নমৰ ছবিখনত। ঐশ্বৰ্যকো এই ছবিখনত ভিলেইনৰ ৰূপত দেখা যাব। এই তামিল চলচ্চিত্ৰ ফ্ৰেঞ্চাইজিৰ প্ৰথম খণ্ডত জয়ম ৰৱীয়ে চেলৱনৰ চৰিত্ৰত, কাৰ্তিক বন্ধ্যাথেৱনৰ চৰিত্ৰত, তৃষা কৃষ্ণনে কুন্ধভাইৰ চৰিত্ৰত, আদিত্য কৰিকালনৰ চৰিত্ৰত বিক্ৰমেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

assam news 24assam news liveassam news todaycongress assam newscovid assam newsdaily assam newslatest assam newstoday assam news live guwahati
Comments (0)
Add Comment