পাৰমাণৱিক যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুত উত্তৰ কোৰিয়া, পশ্চিমীয়া বিশ্বলৈ একনায়কত্ববাদী কিমৰ বাৰ্তা

পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পিছতে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনে পশ্চিমীয়া বিশ্বক সতৰ্ক কৰি দিলে! বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে, ‘মই শত্ৰুসকলক সোঁৱৰাই দিব বিচাৰিছো যে আমাৰ দেশ পাৰমাণৱিক যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে।’

উত্তৰ কোৰিয়াই বুধবাৰে ২০০০ কিলোমিটাৰ দূৰত্বত পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা ক্ৰুজ মিছাইল পৰীক্ষামূলকভাৱে নিক্ষেপ কৰে। একাংশ সামৰিক পৰ্যবেক্ষকৰ মতে এই পৰীক্ষাটো পিয়ংইয়াঙৰ পাৰমাণৱিক যুদ্ধৰ প্ৰস্তুতিৰ অংশ। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম ‘কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সী’য়েও প্ৰকাশ কৰিছে যে পাৰমাণৱিক আক্ৰমণৰ ক্ষমতা পৰীক্ষা কৰাৰ উদ্দেশ্যে দুটা ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হৈছিল। এই পৰিস্থিতিত কিমৰ বক্তব্যক “গুৰুত্বপূৰ্ণ” বুলি গণ্য কৰা হয়।

দৰাচলতে উত্তৰ কোৰিয়াই চলিত বৰ্ষৰ আৰম্ভণিতে মধ্যম আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ধাৰাবাহিকতা আৰম্ভ কৰাৰ পিছত আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে কিমৰ ‘গোপন পাৰমাণৱিক পৰিকল্পনা’ক লৈ সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৫ চনত উত্তৰ কোৰিয়াৰ পূব উপকূলৰ পুংগেৰী অঞ্চলত ড্ৰিলিং কৰা হৈছিল আমেৰিকাৰ চোৰাংচোৱা উপগ্ৰহৰ দ্বাৰা। সেই সময়ত আমেৰিকাই পিয়ংইয়াঙৰ পাৰমাণৱিক পৰীক্ষাৰ প্ৰস্তুতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল। তাৰ ডেৰ বছৰৰ ভিতৰতে কিম শাসনে পাৰমাণৱিক পৰীক্ষা চলাইছিল। এইবাৰ কিমে নিজেই পাৰমাণৱিক যুদ্ধৰ প্ৰস্তুতিৰ কথা কৈ সেই ভয়ক আৰু অধিক ইন্ধন যোগাইছিল।

উত্তৰ কোৰিয়াই শেষবাৰৰ বাবে ২০১৭ চনত পাৰমাণৱিক পৰীক্ষণ কৰিছিল। যাৰ আন্তৰ্জাতিক পৰ্যায়ত তীব্ৰ প্ৰতিক্ৰিয়া আছিল। শেহতীয়াকৈ উত্তৰ কোৰিয়াই জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সৈতে ক্ষেপণাস্ত্ৰ নিক্ষেপক লৈ সংঘাতত লিপ্ত হৈছে। ফলত একনায়কত্ববাদী কিমে যদি পুনৰ পাৰমাণৱিক পৰীক্ষণৰ পথত খোজ পেলায়, তেন্তে বৰ্তমান পৰিস্থিতিত ইয়াৰ এক বেলেগ মাত্ৰা থাকিব।

আমেৰিকাৰ সামৰিক চোৱাচিতাকাৰী সংস্থা চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ উপদেষ্টা তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ পূব এছিয়া বিভাগৰ প্ৰাক্তন মুৰব্বী ক্ৰীছ জনষ্টনৰ মতে, কিম শাসনে ইতিমধ্যে পাৰমাণৱিক পৰীক্ষণ আৰু অস্ত্ৰ নিৰ্মাণৰ বাবে পৰ্যাপ্ত সামগ্ৰী সংগ্ৰহ কৰিছে .

assam news 24assam news liveassam news todaycongress assam newscovid assam newsdaily assam newslatest assam newstoday assam news live guwahati
Comments (0)
Add Comment