তেওঁ ‘সুন্দৰ’, গতিকে পিতৃ যিয়েই নহওক কিয়, সন্তান ধুনীয়া হ’ব। আমেৰিকাৰ উত্তৰ কেৰ’লিনাৰ বাসিন্দা এমি কাপছে এই কথা দাবী কৰিছে। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ বিচাৰে পৃথিৱীত ধুনীয়া ধুনীয়া মানুহৰ জনসংখ্যা বৃদ্ধি হওক। তাৰ বাবে তেওঁ নিজৰ গৰ্ভ ধাৰলৈ দিব বিচাৰে।
এমিয়ে আগতে পঢ়াইছিল। মডেলিঙো কৰিছিল। এইটো প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ বিতৰ্কত লিপ্ত হৈছিল তেওঁ। ৩৩ বছৰীয়া এমিয়ে নিজেই ইণ্টাৰনেটত কয় যে স্কুলত শিক্ষকতা কৰি থাকোঁতে এগৰাকী ছাত্ৰৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল। ৮ মাহৰ আগতে তাই গৰ্ভৱতী হৈছিল। ইয়াৰ পিছতে বিতৰ্কৰ সন্মুখীন হৈ তেওঁ শিক্ষকতা ত্যাগ কৰি মডেলিংক কেৰিয়াৰ হিচাপে বাছি লৈছিল। শেহতীয়াকৈ তাই কৈছিল যে ইয়াৰ পিছতো তাই বাৰে বাৰে মাতৃ হ’ব বিচাৰে।
এমিয়ে সংবাদ মাধ্যমৰ আগত কয় যে বহু পুৰুষে তেওঁক প্ৰপ’জ কৰিছিল। কিন্তু তাই মাত্ৰ এজনৰে সন্তানৰ মাতৃ হ’ব নিবিচাৰে। বৰং তেওঁ বহুত পুৰুষৰ জন্ম দিব বিচাৰে। প্ৰয়োজন হ’লে নিজে নিলাম কৰিবলৈ সাজু বুলি দাবী কৰে। কোনোবাই ইচ্ছা কৰিলে তাইক ধাত্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেওঁৰ মতে তেওঁৰ ভৱিষ্যত সন্তানে তেওঁৰ জিন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব। ফলত শিশুসকলৰ চুলি, চকু, মুখ আৰু শৰীৰ তেওঁৰ দৰে “সুন্দৰ” হ’ব। এমিয়ে কয় যে তেওঁক মুঠ ২৫টা সন্তান বিচাৰে। মানৱ সভ্যতাৰ বাবে ভাল হ’ব বুলিও তেওঁ ভাবে।