এজন ৩৪ বছৰীয়া যুৱকে হানিমুনত গৈ পত্নীক এৰি এগৰাকী যৌনকৰ্মীৰ ওচৰলৈ যায়। আৰু তেতিয়াই তাত আৰম্ভ হয় অবৈধ যৌন ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নতুন দৰাও ধৰা পৰে।
পেছাত ব্যৱসায়ী পল টুৰভস্কিয়ে পত্নীৰ সৈতে হানিমুনত টাম্পাৰ এখন হোটেললৈ গৈছিল। তাত তেওঁ ইণ্টাৰনেটৰ জৰিয়তে এগৰাকী যৌনকৰ্মীৰ সৈতে যোগাযোগ কৰে। স্থানীয় হিলছব’ৰ’ আৰক্ষী বিভাগৰ মতে, পলে নিজৰ পত্নীক হোটেলৰ কোঠাত এৰি যৌনকৰ্মীগৰাকীক লগ কৰিবলৈ গৈছিল। সেই সময়ত তাত আৰক্ষীয়ে ‘ষ্টিং অপাৰেচন’ চলাই আছিল। সেই অভিযানত পল ধৰা পৰে।
আৰক্ষী প্ৰশাসনৰ তথ্য অনুসৰি সেই অভিযানত মুঠ ১৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। স্বামীৰ এনে কাৰ্য দেখি ভাঙি পৰে কইনা। আৰক্ষী বিষয়াসকলে লগতে জনোৱা মতে, তেওঁৰ পৰিয়ালৰ লোকে বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰিছে।আমেৰিকাৰ ফ্ল’ৰিডাৰ এই ঘটনা।