নিউজ ডেস্ক, ১৫ অক্টোবৰঃ সমগ্ৰ ৰাইজৰ লগতে দল-সংগঠনৰ প্ৰতিবাদৰ সমৰ্থন জনাই সকলো বিতৰ্কৰ অন্ত পেলাই লভিতা নাট প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ। সামাজিক মাধ্যমত প্ৰস্তুতি পৰাশৰৰ স্পষ্ট ঘোষণা।
জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ লভিতাৰ আলম লৈ নিৰ্মাণ কৰা এই নাটক খনে তেখেতৰ অমৰ সৃষ্টিৰ উপলুঙা কৰা বুলি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
যাৰ বাবে আৱাহন গোষ্ঠীয়ে নাটক খনৰ নাম সলনি কৰাৰো সিদ্ধান্ত লৈছিল। কিন্তু সেই বিষয়তো মানি লোৱা নাছিল ৰাজ্যৰ বহু লোক আৰু দল সংগঠন।