Daily Time Axom

ৰাছিয়াৰ সেনা চাউনিত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ১১ জনকৈ সেনা

38

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ ইউক্ৰেইনৰ সীমান্তৱৰ্তী বেলগ’ৰডত ৰাছিয়াৰ সামৰিক প্ৰশিক্ষণ ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৫ জন লোক। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, প্ৰাক্তন ছোভিয়েট ৰাষ্ট্ৰৰ দুজন সাধাৰণ নাগৰিকে প্ৰশিক্ষণৰ সময়ত নিৰ্বিচাৰে গুলীচালনা কৰিছিল আৰু দুয়োজনেই প্ৰত্যাক্ৰমণত গুলীয়াগুলীত নিহত হয়।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ১৫ অক্টোবৰত পূৰ্বৰ ছোভিয়েট গণৰাজ্যৰ দুজন সাধাৰণ নাগৰিকে বেলগ’ৰড অঞ্চলৰ পশ্চিম সামৰিক জিলাৰ প্ৰশিক্ষণ ৰেঞ্জত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল বুলি এটা সংবাদ সংস্থা এএফপিয়ে প্ৰকাশ কৰিছে। চিআইএছ বা স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ এনে গণৰাজ্যৰ দ্বাৰা গঠিত যিবোৰ পূৰ্বতে ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ইউক্ৰেইনত বিশেষ সামৰিক অভিযানৰ বাবে স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণৰ সময়ত এই আক্ৰমণ সংঘটিত হোৱা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.