নিউজ ডেস্ক, ১৬ অক্টোবৰঃ আজি সৰুপথাৰ শাখা সাহিত্য সভাই আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া। সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্য্য গগৈয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে, বিশিষ্ট লেখক, অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা , শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ “বেলকনিত ভগৱান” ৰ নিৰ্মাতা নুৰুল চুলতান। আজি ধনশিৰি মহকুমাৰ প্ৰয়াত বিশিষ্ট ব্যক্তি, যি সকলে ধনশিৰি মহকুমালৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই মহান ত্যাগ আৰু প্ৰচেষ্টাত ধনশিৰি মহকুমাক শিক্ষা, সাহিত্য,সাংস্কৃতিক, সামাজিক ক্ষেত্ৰৰ লগতে সকলো দিশত আগবঢ়াই বৰ্তমান অৱস্থালৈ আনিলে সেই সকল মহান ব্যক্তিৰ তথ্য সমৃদ্ধ লেখনিৰে” মহীৰূহ” নামেৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থত সমাজকৰ্মী জীৱন চুতীয়াৰ স্বৰ্গীয় পিতৃ গুনকান্ত চুতীয়াৰ দেৱৰ বিষয়েও লিখনি সন্নিবিষ্ট হয়। আজি মহীৰূহৰ উপৰিও মুঠ ৯ খন গ্ৰন্থ উন্মোচন কৰা হয়। আজিৰ এই মহান অনুষ্ঠানৰ ভাগ সফলতাৰে সমাপন কৰাৰ বাবে সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি লগতে সকলো বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাই সমাজকৰ্মী জীৱন চুতীয়াই ।