নিউজ ডেস্ক, ১৬ অক্টোবৰঃ পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন। ১৭ অক্টোবৰত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ উপ- মুখ্যমন্ত্ৰীগৰকীক। দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ছিছোদিয়াক জেৰা কৰিব CBIয়ে।
শুকুৰবাৰে দিল্লীৰ প্ৰায় ২৫টা স্থানত তালাচী চলাইছিল EDয়ে। EDৰ তালাচীৰ পাছতেই ছিছোদিয়ালৈ CBIৰ চমন। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনীষ ছিছোদিয়াৰ টুইট।
ছিছোদিয়াই টুইটযোগে কয় যে, ‘চি বি আইয়ে মোৰ ঘৰত ১৪ ঘণ্টা তালাচী চলাইছিল, কিন্তু একো নাপালে। মোৰ বেংক লকাৰতো তালাচী চলাইছিল, তাতেও একো নাপালে। মোৰ গাঁৱত একো নাপালে। এতিয়া তেওঁলোকে মোক কাইলৈ দিনৰ ১১ বজাত মুখ্য কাৰ্যালয়লৈ মাতিছে। মই যাম আৰু সম্পূৰ্ণ সহযোগ কৰিম’।
Comments are closed, but trackbacks and pingbacks are open.