নিউজ ডেস্ক, ১৬ অক্টোবৰঃ কৰ্ণাটকৰ হাছান জিলাত শনিবাৰে মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত চাৰিটা শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ১০ গৰাকী লোক।
গাখীৰৰ টেংকাৰ, কৰ্ণাটক ৰাজ্যিক পথ পৰিবহন নিগমৰ বাছ আৰু যাত্ৰীবাহী টেম্প’ৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত আহত হোৱা লোকসকলৰ চিকিৎসা স্থানীয় এখন হাস্পতালত চলি আছে।