Daily Time Axom

‘Sasural simar ka’ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

47

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ টেলিভিছন অভিনেত্ৰী বৈশালী টক্কৰে বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত৷ ‘Sasural Simar Ka’, ‘Yeh Rishta Kya Kehlata Hai’ আদি বিভিন্ন টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছিল বৈশালীয়ে৷ কিন্তু দেওবাৰে মধ্য প্ৰদেশৰ ইন্দোৰস্থিত নিজ বাসগৃহত অভিনেত্ৰীগৰাকীৰ মৃতদেহ চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হয়৷ বৰ্তমানলৈকে অভিনেত্ৰীগৰাকীয়ে এনে সিদ্ধান্ত কিয় বাচি ল’লে সেইয়া জানিব পৰা হোৱা নাই, যদিও অভিনেত্ৰী গৰাকীৰ মৃতদেহৰ ওচৰত আৰক্ষীয়ে লাভ কৰে এখন চুইচাইড নোট৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷

Comments are closed, but trackbacks and pingbacks are open.