নিউজ ডেস্ক, ১৬ অক্টোবৰঃ মৰিগাওঁ জিলা দিৱস উপলক্ষে শনিবাৰে আয়োজন কৰা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মূখ্য আকৰ্ষণৰূপে উপস্থিত আছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিন্তু নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতেই একাংশ দৰ্শকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
উদণ্ড দৰ্শকে ভাঙি পেলালে পেণ্ডেলৰ বহু চকী-মেজ। লগতে একাংশ দৰ্শকে সংবাদকৰ্মীলৈকো শিল, বটল, জোতা-চেণ্ডেল, ভঙা চকী আদি নিক্ষেপ কৰি আক্ৰমণ কৰে।
এই ঘটনাৰ পিছতেই মৰিগাওঁ আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক আটক কৰে।