Daily Time Axom

বলেৰ’ বাহনৰ ওপৰত বাগৰি পৰিল ১২চকীয়া ট্ৰাক, ট্ৰাকৰ চেপাত নিহত বলেৰ’ বাহনৰ চালক

34

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ গোৱালপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।বলেৰ’ বাহনৰ ওপৰত বাগৰি পৰিল ১২চকীয়া ট্ৰাক, ট্ৰাকৰ চেপাত নিহত বলেৰ’ বাহনৰ চালক। গোৱালপাৰাৰ ধনুভাঙা দেওশিলাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে মালবাহী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’খনত খুন্দা মাৰে। নিহত হোৱা লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাটোৰ ফলত বলেৰ’খন ট্ৰাকখনৰ তলত সোমাই পৰে।দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহন খনৰ নম্বৰ ML08H 9433।

Comments are closed, but trackbacks and pingbacks are open.