নিউজ ডেস্ক, ১৭ অক্টোবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষীৰ বৃহৎ সফলতা। বাগৰি আৰক্ষীয়ে জব্দ কৰে ২৪টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক। গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰু কেইটা। NL 02 K 3695 নম্বৰৰ এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল এই চোৰাং গৰুসমূহ।
ইয়াৰপাছতেই আৰক্ষীয়ে আটক কৰে ৰছিদুল ইছলাম আৰু হজৰৎ আলী নামৰ দুই গো-সৰবৰাহকাৰীক। ৰছিদুল ইছলামৰ ঘৰ চামগুৰিৰ বাজিয়াগাঁৱত আৰু¸হজৰৎ আলীৰ ঘৰ ৰূপহীহাটৰ কাৱৈমাৰীত। এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।