Daily Time Axom

লংকাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক

50

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ বিষাক্ত কাঠফুলা খাই হোজাইৰ লংকাত অসুস্থ ৭জনকৈ লোক। লংকাৰ জয়সাগৰত সংঘটিত হৈছে এই ঘটনা। ৰবীন্দ্ৰ মজুমদাৰ নামৰ লোকজনৰ পৰিয়ালে ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা। অসুস্থ লোককেইজনক হোজাইৰ ‘হাম হাস্পতাল’ত ভৰ্তি কৰোৱা হৈছে।

অসুস্থ লোককেইজন বিশ্বজিৎ মজুমদাৰ, ঝৰ্ণা মজুমদাৰ, সুজন মজুমদাৰ, সুমিত্ৰা দাস, মামণি মজুমদাৰ, লক্ষী মজুমদাৰ, পায়েল দাস। আনহাতে কাৰ্বি আংলঙৰ পৰা আলহী হৈ আহিছিল পায়েল আৰু লক্ষী মজুমদাৰ।

Comments are closed, but trackbacks and pingbacks are open.