Daily Time Axom

আজি অনুষ্ঠিত হ’ব AICCৰ সভাপতি নিৰ্বাচন

30

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ আজি বহু প্ৰতীক্ষিত AICCৰ সভাপতি পদৰ নিৰ্বাচন। ২৪ বছৰৰ অন্তত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হ’ব সভাপতি। ভাগ্য নিৰ্ণয় হ’ব মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ। ৰাজীৱ ভৱনত ২৮৯জন প্ৰতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ।

ভোট গ্ৰহণৰ বাবে দেশজুৰি ৩৬টা কেন্দ্ৰ স্থাপন কৰা হৈছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ বেলটযোগে হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ প্ৰায় ৯ হাজাৰ কংগ্ৰেছ সদস্যই সাব্যস্ত কৰিব ভোটদান। ১৯ অক্টোবৰত হ’ব ভোট গণনা আৰু ঘোষণা হ’ব নতুন সভাপতিৰ নাম।

Comments are closed, but trackbacks and pingbacks are open.