নিউজ ডেস্ক, ১৮ অক্টোবৰঃ BCCIৰ ৩৬সংখ্যক অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ৰ’জাৰ বিন্নী। সৌৰভ গাংগুলীৰ পাছত অধ্যক্ষ পদত নিৰ্বাচিত হৈছে বিন্নী। BCCIৰ Annual General meetingত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ তথা ১৯৮৩চনৰ বিশ্বকাপ বিজয়ী দলৰ প্ৰাক্তন সদস্য আছিল ৰজাৰ বিন্নী।
আনহাতে, বি চি চি আইৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে অসমৰ দেৱজিৎ শইকীয়া। যুটীয়া সম্পাদকৰ পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দেৱজিৎ শইকীয়া।
Comments are closed, but trackbacks and pingbacks are open.