নিউজ ডেস্ক, ১৮ অক্টোবৰঃ মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱায়।মৃত লোক সকলৰ ভিতৰত ২ জন পাইলট আৰু ৪ গৰাকী তীৰ্থযাত্ৰী আছিল।
এই ঘটনা কেদাৰনাথৰ পৰা প্ৰায় ২ কিলোমিটাৰ দুৰত অৱস্থিত গৰুড়চট্টীত সংঘটিত হয়। প্ৰতিকূল বতৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বিশেষ সচিবে এই বিষয়ে জনায় যে, আজি দিনৰ প্ৰায় ১২ বজাত এই ঘটনা সংঘটিত হয়। কেদাৰনাথৰ পৰা উভতাৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আৰু উদ্ধাৰকাৰী দল।