নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাৰতলৈ বহু সাফল্য কঢ়িয়াই আনিছে। এতিয়া ভাৰতে আন এক গৌৰৱান্বিত সন্মানত উপনীত হৈছে। জানিব পৰা মতে চন্দ্ৰত প্ৰথমবাৰৰ বাবে ছডিয়াম আৱিষ্কাৰ হৈছে। সেইটোও ইছৰোৰ সৌজন্যত। ইছৰোৰ এই আৱিষ্কাৰৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজ্জ্বল হৈ পৰিছে। ২০১৯ চনত চন্দ্ৰক প্ৰদক্ষিণ কৰি থকাৰ সময়তে এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছিল ইছৰোৰ চন্দ্ৰযান।
এইবাৰ চন্দ্ৰত ইমান পৰিমাণৰ ছডিয়াম আৱিষ্কাৰ হৈছে। আৰু তাৰ বাবেই ইছৰোৰ নাম ইতিহাসৰ পৃষ্ঠাবোৰত লিখিবলৈ গৈ আছে। ইছৰ’ৰ এই আৱিষ্কাৰে চন্দ্ৰৰ বাহ্যিক পৃষ্ঠত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰাৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা সৌৰজগত আৰু ইয়াৰ বাহিৰৰ বুধ আৰু অন্যান্য বায়ুহীন পদাৰ্থৰ বাবে একেধৰণৰ ক্ষেত্ৰ গঢ়ি তোলাত সহায়ক হ’ব
চন্দ্ৰযান অৰ্বিটাৰত থকা এক্স-ৰে স্পেকট্ৰ’মিটাৰত চন্দ্ৰত বৃহৎ পৰিমাণৰ ছডিয়াম ধৰা পৰাৰ বাবে ইছৰ’ই শেহতীয়া আৱিষ্কাৰ ঘোষণা কৰিছে। ইছৰ’ই এক আনুষ্ঠানিক বিবৃতিত কয় যে চন্দ্ৰযান-২ৰ এক্স-ৰে ফ্লু’ৰেচেন্স স্পেক্ট্ৰ’মিটাৰ (C1XS) য়ে ইয়াৰ বৈশিষ্ট্যপূৰ্ণ এক্স-ৰেৰ পৰা ছডিয়াম ধৰা পেলাইছে।
কিন্তু ছডিয়াম ধৰা পেলোৱাটো কিমান গুৰুত্বপূৰ্ণ: ইছৰ’ই ছডিয়াম ধৰা পেলাবলৈ ব্যৱহাৰ কৰা লাৰ্জ এৰিয়া চফ্ট এক্স-ৰে স্পেক্ট্ৰ’মিটাৰ ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰত নিৰ্মাণ কৰা হৈছে। এই যন্ত্ৰটোৱে ছডিয়াম বিচাৰি উলিওৱাটো সম্ভৱ কৰি তুলিছিল। চন্দ্ৰত উপস্থিত থকা ছডিয়াম অণুৰ পাতল তৰপ ধৰা পৰিছে ইছৰ’ই। এই ছডিয়াম অণুবোৰ চন্দ্ৰৰ কণাবোৰৰ লগত কিছু পৰিমাণে দুৰ্বলভাৱে জড়িত হৈ থাকে।
ইছৰ’ই প্ৰকাশ কৰা তথ্য অনুসৰি চন্দ্ৰত যদি ছডিয়াম খনিজ হিচাপে থাকে তেন্তে অতিবেঙুনীয়া বিকিৰণৰ দ্বাৰা ছডিয়ামৰ অণু সহজে নিষ্কাশন কৰিব পৰা যায়। ইফালে, যিহেতু চন্দ্ৰৰ বায়ুমণ্ডল অতি জটিল, গতিকে তাত এই ছডিয়াম বিচাৰি উলিওৱাটো এটা ডাঙৰ কথা। চন্দ্ৰৰ বহিঃমণ্ডল অতি ঘন আৰু শক্তিশালী। ইয়াৰ পিছত এই আৱিষ্কাৰে সমগ্ৰ বিশ্বৰ সন্মুখত নতুন দিগন্ত মুকলি কৰিলে।