কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খৰ্গে

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ AICCৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গে। শশী থাৰুৰক পৰাস্ত কৰি জয়ী হ’ল মল্লিকাৰ্জুন খৰ্গে। ৭,৮৯৭ টা ভোট লাভ কৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে। শশী থাৰুৰে লাভ কৰিলে ১,০০০টা ভোট।

উল্লেখ্য যে, ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল ভোটদান। ৯,৫০০ কংগ্ৰেছ নেতাই সাব্যস্ত কৰিছিল ভোটাধিকাৰ। সুদীৰ্ঘ ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে খৰ্গে।

AICC ElectionDaily time axomIndiaMallikarjun KhargeNew Delhipolitics