ICU টেকনিচিয়ান নথকাৰ বাবেই মাজুলীত পুনৰ মৃত্যু এজনৰ

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ মাজুলীত চিকিৎসাৰ অভাৱত পুনৰ এজনৰ মৃত্যু। গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে।

চিকিৎসালয়ৰ গাফিলতিত আদিত্য পায়েং নামৰ এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে।ICUত সময়মতে উপস্থিত নাছিল টেকনেচিয়ান। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতই ২টা বেজী দিয়ে আদিত্যক। বেজী দিয়াৰ পিছতেই বেছি অসুস্থ হৈ পৰে লোকজন।

ততাতৈয়াকৈ আদিত্য পায়েঙক ভৰ্তি কৰে ICUত। মৃত লোকজন মাজুলীৰ কাৰ্কিচুক গাঁৱৰ। ১০৮ মৃত্যুঞ্জয় সেৱাৰ বিৰুদ্ধেও অভিযোগ পৰিয়ালৰ। বহুবাৰ ফোন কৰাৰ পাছতো অহা নাছিল এম্বুলেন্স।

AssamDaily time axomDeathIndiaMajuli