নিউজ ডেস্ক, ১৯ অক্টোবৰঃ যোগীঘোপা আৰক্ষী থানাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। লকআপৰ ভিতৰতে আত্মহত্যা এজন আচামীৰ।
আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ।গৰু চুৰিৰ ঘটনাত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰক। মৃত আব্দুল জব্বৰৰ ঘৰ কুশবাৰীত।
এই ঘটনাৰ পিছতে নিশা কৰ্তব্যত থকা মকিমুল হক পাটগিৰী নামৰ আৰক্ষীজনক নিলম্বন কৰা হৈছে।