শিৱসাগৰ জিলাৰ হাতীঘূলিৰ লাচিত ফুকন নামৰ যুৱকজনে মহাৰাষ্টৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াত শক্তি উত্তোলনতএটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
হাতীঘৃলিৰ প্ৰগতি তিনিআলিত চেলুন ব্যৱসায়েৰে জীৱিকা নিৰ্বাহ কৰা যুৱকজনৰ এই কৃৰ্তীত্বত সকলোৱে প্ৰশংসা কৰিছে।
গৌৰীসাগৰ তিনিআলিত বাছৰপৰা নমাৰ পাছতেই হাতীঘূলিৰ স্থানীয় যুৱকসকলে বাইক ৰেলী কৰি যুৱক জনক নিজৰ জন্মভূমিলৈ আদৰি আনি মৰম আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।