Daily Time Axom

ৰশ্মিকাই মুকলি কৰিলে ‘পুষ্পা’ৰ ছিকুৱেলৰ শ্বুটিঙৰ ছবি

0 42

‘পুষ্পা’ক লৈ দৰ্শক অতি পাগল, তেওঁলোকে চিকুৱেলৰ আপডেট জানিবলৈ আগ্ৰহী। শ্বুটিং চেটৰ ছবি পোষ্ট কৰি উন্মাদ বৃদ্ধি কৰিলে ৰশ্মিকাই।
ইণ্ডিয়ান চাউথৰ ছবি পুষ্পা-দ্য ৰাইচ যোৱা বছৰৰ ডিচেম্বৰ মাহত মুক্তি পাইছিল। আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত ছবিখন মুক্তি পোৱাৰ পিছতে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে।

চিনেমাখনৰ শেষৰ দৃশ্যটোত ঘোষণা কৰা হৈছে যে চিকুৱেল আহিব। অৱশেষত শ্বুটিং ফ্ল’ৰত উপনীত হ’ল পুষ্প: দ্য ৰুল চিনেমাখনৰ ছিকুৱেল।

সেই শ্বুটিং চেটৰ আভাস প্ৰকাশ কৰিলে ৰশ্মিকাই। পুষ্পা: দ্য ৰুলৰ নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰে। চিনেমাখনৰ চেটত কেমেৰাৰ আঁৰত থকা মানুহখিনিৰ ছবিখনে ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে সহাৰি।

সেই ছবিখনৰ পৰা স্পষ্ট যে পুষ্প: দ্য ৰুল পূৰ্ণগতিত চলি আছে। দৰ্শকক পুনৰ সুখী কৰাৰ বাবে ব্যস্ত পৰিচালক, চিনেমাট’গ্ৰাফাৰ আদি।

প্ৰডাকচন কোম্পানীয়ে প্ৰকাশ কৰা ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছে ৰশ্মিকাই। জুই আৰু নৃত্যৰ ইমো যোগ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘সেইটো চাওক। আৰম্ভ হৈছে।’

Leave A Reply

Your email address will not be published.