আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২২-২৩ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা নিউ একাডেমিক বিল্ডিঙৰ দ্বিতীয় মহলাত ভোটগণনা আৰম্ভ হ’ব। ভোটগণনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত বিৰাজ কৰিছে এক উৎকন্ঠাৰ পৰিৱেশ। কাৰণ এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ২২ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। ১৫ টা পদবিশিষ্ট ছাত্ৰ সন্থাখনৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদককে ধৰি ১০ টা পদত কালি নিৰ্বাচন অনুষ্ঠিত হৈছিল।

AssamDaily time axomElectionGauhatiUniversityGuwahatiIndia