Daily Time Axom

ভাল খবৰঃ দিৱালী উপলক্ষে ৭৫,০০০ যুৱক-যুৱতীক চাকৰি উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

33

নিউজ ডেস্ক, ২০ অক্টোবৰঃ দিৱালী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ৭৫,০০০ যুৱক-যুৱতীক উপহাৰ দিব চাকৰি। ২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিব আৰু ৭৫,০০০ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। এই চাকৰিবোৰ বিভিন্ন মন্ত্ৰালয় যেনে প্ৰতিৰক্ষা, ৰে’লৱে, গৃহ মন্ত্ৰালয় চিআইএছএফ, শ্ৰম আৰু নিযুক্তি, চিবিআই, শুল্ক, বেংক, চিএএফ ইত্যাদিত দিয়া হ’ব।

দেশৰ বিভিন্ন চহৰৰ কেন্দ্ৰীয় মন্ত্ৰীসকলেও এই কাৰ্যসূচীত যোগদান কৰিব। লগতে, তেওঁলোকৰ সংসদীয় সমষ্টিৰ সাংসদসকলেও উক্ত কাৰ্যসূচীত যোগদান কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উৰিষ্যাৰ পৰা, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পৰা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে চণ্ডিগড়ৰ পৰা, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে মহাৰাষ্ট্ৰৰ পৰা যোগদান কৰিব। ৰাজস্থানৰ পৰা ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে, তামিলনাডুৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, উত্তৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী মহেন্দ্ৰ পাণ্ডে, ঝাৰখণ্ডৰ অৰ্জুন মুণ্ডা, বিহাৰৰ গিৰিৰাজ সিঙে যোগদান কৰিব।

Comments are closed, but trackbacks and pingbacks are open.