নিউজ ডেস্ক, ২০ অক্টোবৰঃ ২৬/১১ কাণ্ডৰ পূৰ্বে পুনৰ মুম্বাই আৰক্ষীলৈ ভাবুকি ভৰা ফোন । আৰক্ষীলৈ অহা ফোনত কয় যে, চহৰখনৰ কেইবাঠাইতো বিস্ফোৰণ ঘটিব।
আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰত ফোন কৰি জনাইছে যে চহৰখনৰ তিনিটা গুৰুত্বপূৰ্ণ স্থানত বোমা বিস্ফোৰণ ঘটোৱা হ’ব। এই কথা কৈয়েই তেওঁ ফোনটো সংযোগ বিচ্ছিন্ন কৰে। ইয়াৰপিছতেই আৰক্ষীয়ে সেই ঠাইবোৰত বোমা উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে। গোটেই অঞ্চলবোৰত সুৰক্ষা আৱৰণৰ অধীনত ৰখা হয়। অৱশ্যে এতিয়ালৈকে একো বিপজ্জনক সামগ্ৰী পোৱা হোৱা নাই।
অচিনাক্ত লোকজনৰ মতে, বোমাবোৰ ক্ৰমান্বয়ে আন্ধেৰীৰ ইনফিনিটি মল, জুহুৰ পিভিআৰ মল আৰু চাহাৰা হোটেলত ৰখা হৈছে। আৰক্ষীয়ে লগে লগে আন্ধেৰী আৰু জুহুৰ কিছু অঞ্চল ঘেৰাও কৰি লয় বোমা উদ্ধাৰ কৰিবলৈ আৰু বোমা বিশেষজ্ঞৰ দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে একো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।