Daily Time Axom

পুনৰ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

39

নিউজ ডেস্ক, ২১ অক্টোবৰঃ পুনৰ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। আপাৰ চিয়াঙৰ ছিংগিং গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন। টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত হৈছে এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাত পাইলট আৰু সহপাইলটৰ নাই কোনো সন্ধান। ১০ঃ৪০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ক্ষয়-ক্ষতি সন্দৰ্ভত এইমুহূৰ্তলৈ পোহৰলৈ অহা নাই স্পষ্ট তথ্য।ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে স্থানীয় জিলা প্ৰশাসনে। ।ইতিমধ্যে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰকাৰী দল। ইয়াৰ পূৰ্বেও ৫ অক্টোবৰত দুৰ্ঘটনা সংঘটিত হৈছিল ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান।

Comments are closed, but trackbacks and pingbacks are open.