নিউজ ডেস্ক, ২১ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ লেখাপানীত বৃহস্পতিবাৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়। টিপং কলিয়ৰীৰ চাৰ্লিত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাৰ ঘটনাত ক্ষতিগ্ৰস্ত হয় দোকান,বাইক। এজন যুৱককো আক্ৰমণ দুৰ্বৃত্তৰ দলটোৰ ।গুলীচালনা কৰিয়ে পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। মুখত ক’লা কাপোৰ মাৰি আহিছিল দুৰ্বৃত্তৰ দলটোৱে। ইয়াৰপিছতেই সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। এই ঘটনা সন্দৰ্ভত লেখাপানী আৰক্ষীৰ তদন্ত অব্যাহত আছে।