নিউজ ডেস্ক, ২১ অক্টোবৰঃ আজি উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পুৱাই কেদাৰনাথ মন্দিৰ দৰ্শন কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীক কেদাৰনাথ ভ্ৰমণৰ সময়ত দেখা গ’ল বিশেষ পোছাকত। কেদাৰনাথ ধামত পূজা–অৰ্চনা কৰাৰ সময়ত মোদীয়ে যি পোছাক পিন্ধিছিল, সেই পোছাকৰ হিমাচল প্ৰদেশৰ চম্বাৰ সৈতে সম্পৰ্ক আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথ দৰ্শনৰ সময়ত হিমাচল প্ৰদেশৰ চম্বাৰ মহিলাসকলে হাতেৰে বনোৱা পোছাক পৰিধান কৰে। মোদীয়ে পিন্ধা পোছাকযোৰ চোল ডোৰা নামেৰে জনা যায়। এই পোছাকযোৰ প্ৰধানমন্ত্ৰী মোদীক হিমাচল প্ৰদেশ ভ্ৰমণৰ সময়ত উপহাৰ হিচাপে দিয়া হৈছিল।