ডিগবৈত ২৬ লাখ টকাৰ মূল্যৰ নিষিদ্ধ কানিসহ তিনি মাফিয়াক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২১ অক্টোবৰঃ ডিগবৈত ২৬ লাখ টকাৰ মূল্যৰ নিষিদ্ধ কানিসহ তিনি মাফিয়াক গ্ৰেপ্তাৰ। ডিগবৈৰ বৰজান মায়া বজাৰ সমীপত জব্দ কৰে বৃহৎ পৰিমানৰ কানিখিনি। প্ৰাপ্ত খৱৰ মতে, ডিমাপুৰৰ পৰা আনিছিল কানিখিনি। ডিগবৈ,পেঙেৰী,ভাদৈ চাৰিআলিত কানি বেপাৰীক যোগান ধৰে এই কানিখিনি।

মাৰ্ঘেৰিটা SDPO হেমন্ত বড়ো, DSP পাৰ্থ দুৱৰা আৰু বৰদুমচা থানাৰ OC নিতু চাংমাইৰ নেতৃত্বত চলিছিল এই অভিযান। বৃহৎ পৰিমানৰ কানিখিনিৰ দিল কৰি থকাৰ অৱস্থাত আৰক্ষীৰ অভিযান চলে। অভিযান কালত এখন ইকো গাড়ীও পলায়ন কৰে। কানি মাফিয়া কেইটাৰ নাম হ’ল পেঙেৰী মগং পথাৰৰ গনেশ ছেত্ৰী, হেমন্ত ছেত্ৰী আৰু ভাদৈপাঁচআলি উষাপুৰৰ কমল ছেত্ৰী।

ArrestAssamCannabistDaily time axomDigboiIndiaSiezed