শনিবাৰে ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জৰ্জিয়া মেলোনীয়ে। কেবিনেটত কোন থাকিব সেইটোও সিদ্ধান্ত লৈছিল।
ইটালীৰ কঠোৰ সোঁপন্থী নেতাগৰাকীয়ে কয় যে তেওঁৰ প্ৰশাসন শক্তিশালীভাৱে নাটো আৰু ইউৰোপীয় সংঘৰ সমৰ্থক হ’ব। ৰয়টাৰ্ছৰ বাতৰি।
অহা সপ্তাহত সংসদৰ দুয়োটা সদনত আস্থা ভোটৰ সন্মুখীন হোৱাৰ পূৰ্বে স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা নতুন চৰকাৰখনে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব।
ইয়াৰ লগে লগে ইটালীত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ কঠোৰ সোঁপন্থী চৰকাৰ হ’বলৈ গৈ আছে।
৪৫ বছৰীয়া মেলোনী নেতৃত্বাধীন জাতীয়তাবাদী দলটোৱে যোৱা মাহৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত ব্ৰাদাৰ্ছ অৱ ইটালী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিৰ ফৰ্কা ইটালিয়া আৰু মেটিঅ’ ছালভিনিৰ লীগৰ সৈতে মিত্ৰতা কৰি জয়লাভ কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইটালীৰ ৬৮ সংখ্যক চৰকাৰৰ মুৰব্বী মেলোনি। ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ প্ৰাক্তন মুৰব্বী মাৰিঅ’ ড্ৰাঘীৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঐক্য প্ৰশাসনৰ ঠাইত এই চৰকাৰে ল’ব।
শুকুৰবাৰে ব্ৰাছেলছত অনুষ্ঠিত ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী হিচাপে নিজৰ শেষৰ এটা কৰ্তব্য পালন কৰিবলৈ ড্ৰাগীয়ে অংশগ্ৰহণ কৰে।
অৰ্থনৈতিক মন্দাৱস্থা, বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু ইউক্ৰেইনৰ যুদ্ধক কেন্দ্ৰ কৰি এক ঐক্যবদ্ধ ফ্ৰণ্ট গঢ়ি তোলাকে ধৰি প্ৰধানমন্ত্ৰী হিচাপে মেলোনীয়ে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।
শুকুৰবাৰে ৰোমৰ কুইৰিনাল পেলেচত ৰাষ্ট্ৰপতি চাৰ্জিও মাটাৰেলাৰ সৈতে মেল’নিয়ে সাক্ষাৎ কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ বিষয়া উগো জাম্পেট্টিয়ে সাংবাদিকৰ আগত কয় যে নিৰ্দেশনা অনুসৰি জৰ্জিয়া মেলোনীয়ে তেওঁৰ মন্ত্ৰীৰ তালিকা দাখিল কৰিছে।
তালিকা অনুসৰি ব্ৰাদাৰ্ছ অৱ ইটালীৰ ৰাজনীতিবিদসকলে ৯টা কেবিনেট পদ লাভ কৰিছে আৰু লীগ আৰু ফৰ্চা দুয়োটা দলে ৫টাকৈ পদ লাভ কৰিছে, বাকী ৫টা পদ টেকন’ক্ৰেটসকলে পাব।