Daily Time Axom

গুৱাহাটীৰ আই আই টিত অলচাৰিংগাৰ কাৰ্যসূচীত উপস্থিত থাকিব ডঃ দিব্যজ্যোতি শইকীয়া

49

গুৱাহাটী: ২২ অক্টোবৰ; ভাৰতৰ আগশাৰীৰ সৰ্ববৃহৎ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জী চমুকৈ আই আই টি। দেশৰ আন ২২ প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীত অৱস্থিত এই আই আই টি ত আগন্তুক২০২৩ বর্ষৰ অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা “ঐক্যম”নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচীত উপস্থিত থাকিব চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া।

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ পিছতো আমাৰ দেশত সাম্প্ৰদায়িক সদভাৱৰ অভাৱ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীস্থ আই আই টিত অধ্যয়নৰত দেশ বিদেশৰ ছাত্ৰ সমাজে বিষয়টো অনুধাৱন কৰি “ঐক্যম” নামেৰে এক কাৰ্যসূচীৰ আয়োজন কৰিছে।

উল্লেখযোগ্য যে ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰখা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই ডাইনীকাণ্ড, অন্ধবিশ্বাস আদি হ্ৰাস কৰাৰ লগতে উপযুক্ত শিক্ষামূলক সজাগতা অনুষ্ঠানৰ যোগেদি সাম্প্ৰদায়িক একতা, মানৱতা আৰু শান্তি স্থাপনৰ হেতু দেশ তথা মানৱজাতিৰ হকে সেৱা আগবঢ়ায় আহিছে। ডঃ শইকীয়াৰ এনে উল্লেখযোগ্য অৱদানৰ বাবে আন্তৰ্জাতিক শান্তি বঁটাকে আদি কৰি শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে অলচাৰিঙগা অনুষ্ঠানৰ ঐক্যম কাৰ্যসূচীত ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে অসমৰ একমাত্ৰ কমাণ্ডু বেটেলিয়ানৰ কামাণ্ডেণ্ট আই পি এছ প্ৰতীক ভি থুবে, বিশিষ্ট সাংবাদিক হিন্দী দৈনিক পূৰ্ব্বোদয় কাকতৰ সম্পাদক ৰবি শংকৰ ৰবি, আৰু বিশিষ্ট লেখক অৰূপ দত্ত উপস্থিত থাকিব।

Comments are closed, but trackbacks and pingbacks are open.