নিউজ ডেস্ক, ২২ অক্টোবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে জব্দ কৰে ১৯ টা চোৰাং গৰুসহ এখন ট্ৰাক। AS O1 LC 3446 নম্বৰৰ এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল চোৰাং গৰুসমূহ। গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰু কেইটা। আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালকক। এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।