Daily Time Axom

নামখলালৈ গৌৰৱ! APSC-ত গৌৰৱ কঢ়িয়াই আনিলে ডিম্পি বৰুৱাই

45

নিউজ ডেস্ক, ২২ অক্টোবৰ: দৰং আৰু ওদালগুৰি জিলাৰ সিমান্তৱৰ্তী গাঁও বাহমোলা ৷ অতি পিছপৰা তথা অনগ্ৰসৰতা গাঁওখনত নাথাকে মোবাইলৰ নেট ৷ বাহমোল্লা গাঁৱত যেন গাঁওবাসীৰ বিশেষ দিপাৱলী উদযাপন ৷
শুকুৰবাৰে ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ অন্তৰ্গত অসম আৰক্ষী সেৱাৰ ৫৭ সংখ্যক স্থানত উৰ্ত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিম্পিয়ে ৷ ওদালগুৰি জিলাৰ বাহমোল্লা গাঁৱৰ ধীৰেন বৰুৱা আৰু জিতুমণি বৰুৱাৰ একমাত্ৰ কন্যা ডিম্পি ৷ ডিম্পিৰ এই সাফল্যত গাওঁবাসী আজি উৎফুল্লিত ৷ এই সাফল্যত পামুৱেইপাৰা যুৱমঞ্চ,নহৰুজ্যোতি সংঘ,নামখলা আদৰ্শ জাতীয় বিদ্যালয়, নামখলা প্ৰেছ ক্লাৱ, নামখলা আঞ্চলিক ছাত্ৰ সন্থা,ৰামধেনু সাহিত্য চক্ৰ, নামখলা চ’ক ব্যৱসায়ী সন্থাকে ধৰি স্থানীয় বিভিন্ন দল সংগঠনে ডিম্পি বৰুৱাক শুভেচ্ছা জ্ঞাপন কৰে ৷

Comments are closed, but trackbacks and pingbacks are open.