নিউজ ডেস্ক, ২২ অক্টোবৰঃ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জামুগুৰিহাটৰ তিনি গৰাকী পৰিক্ষাৰ্থীৰ সাফল্য। শুকুৰবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ তিনি গৰাকীকৈ শিক্ষাৰ্থীয়ে অসম লোক সভা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ সমগ্ৰ জামুগুৰিহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থী সকলৰ ভিতৰত জামুগুৰিহাটৰ ধলাইবিলৰ লংকেশ্বৰ ৰাজবংশী আৰু চন্দ্ৰপ্ৰভা ৰাজবংশীৰ পুত্ৰ ৰাজেশ ৰাজবংশীয়ে ৩১নং স্থান, চৈবাৰীৰ ৰিন্টু বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ কন্যা চাইকীনন্দা বৰুৱা ৩১নং স্থান আৰু জামুগুৰিহাট খাদৈচুকৰ যগেশ্বৰ নাথ আৰু মিনতি দেবীৰ পুত্ৰ প্লাৱন নাথে ৪৯নং স্থানে লাভ কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অতি মেধাসম্পন্ন এই সকল পৰিক্ষাৰ্থীক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন ও আন্তৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত তেখেত সকলৰ পৰা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত গঠনমূলক কামকাজৰ আশা প্ৰকাশ কৰিছে ।