Daily Time Axom

বন্ধ হৈ পৰিব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বুলেটিন

62

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্রযোগে প্রতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ অহা ২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা বন্ধ হৈ যাব।

প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। ইয়াৰপিছতেই প্ৰসাৰ ভাৰতীৰ এই নিৰ্দেশনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.