দীপাৱলীত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ, কৰ্মচাৰীলৈ ৪ শতাংশ অতিৰিক্ত মৰগীয়া বানচ

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। দীপাৱলীৰ বতৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব।

টুইটযোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।লগতে মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia