নিউজ ডেস্ক, ২৩ অক্টোবৰঃ টি-২০ বিশ্বকাপৰ প্ৰথম খন মেচত ভাৰতীয় ক্ৰিকেট দলৰ জয়লাভ। পাকিস্তানৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈ ভাৰতৰ জয়লাভ ।
প্ৰথমে পাকিস্তানে বেটিং কৰি ১৬০ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতীয় ক্ৰিকেট দলটোক। তাৰপাছতে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই লক্ষ্য পূৰণ কৰি জয়লাভ কৰিবলৈ সক্ষম হয়।
আৰম্ভণিতে টীম ইণ্ডিয়াৰ বেটিং বিপৰ্যয় ঘটে যদিও বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া যুটীয়ে কঢ়িয়াই আনে আশাৰ সঞ্চাৰ। চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভত দুয়োৱে আগবঢ়ায় অনবদ্য অৱদান।