নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দুলীয়াজানৰ ভাদৈ পাঁচআলিত নিশা বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত এটা পৰিয়ালৰ বাসগৃহ। জাহ যায় বাসগৃহটোৰ বহু মূল্যৱান সামগ্ৰী। জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ। দুলীয়াজানৰ ২ নং কেৰকনি গাঁৱত সংঘটিত হৈছে এই ঘটনা।
পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়।