Daily Time Axom

মহানগৰীৰ উজান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

58

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দীপাৱলীৰ আনন্দৰ মাজতে গুৱাহাটী উজানবজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উজানবজাৰৰ যোৰ পুখুৰী পাৰৰ ৫৭নং বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো।

জানিব পৰা মতে উজানবজাৰৰ মিহিৰ বৰদলৈ বাসগৃহৰ ২নং মহলাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো। কোঠাটো ছমাহ ধৰি বন্ধ হৈ আছিল।

অগ্নিকাণ্ডৰ পিছত তিনিখনকৈ অগ্নি নিবাৰ্পক বাহনে জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডটোৰ ফলত বহু মূল্যবান সা-সামগ্ৰীৰ ক্ষয় ক্ষতিৰ আশংকা কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.