বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীঃ প্ৰতি ঘণ্টাত ৯০ কিঃমিঃ গতিবেগত আহি আছে ভয়ংকৰ ঘুৰ্ণী ‘ছিট্ৰাং’

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আহি আছে সামুদ্ৰিক ধুমুহা ছিট্ৰাং৷ বংগৰ সাগৰ দ্বীপৰ পৰা ৫২০ কিঃমিঃ দূৰত্বত ছিট্ৰাঙৰ অৱস্থান৷ টিংকনা দ্বীপ-ছেণ্ডউইপ অতিক্ৰমী বাংলাদেশৰ উপকূলীয় অঞ্চলত প্ৰৱেশৰ সম্ভাৱনা৷ ছিট্ৰাঙক লৈ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী৷ ছিট্ৰাঙৰ বাবে ঘূৰ্ণীবতাহ, প্ৰবল ধুমুহাৰ সম্ভাৱনা ৷

অনাগত ১২ ঘণ্টাত হ’ব পাৰে প্ৰবল ধুমুহা, ঘূৰ্ণীবতাহ৷ পশ্চিমবংগৰ ২৪ পাৰগণা আৰু মিদনাপুৰ জিলাত পৰিব পাৰে ব্যাপক প্ৰভাৱ৷ ২৫ অক্টোবৰপৰ্যন্ত থাকিব ছিট্ৰাঙৰ প্ৰাদুৰ্ভাৱ৷ ঘণ্টাত ৯০ কিঃমিঃ গতিবেগত ধুমুহা বলাৰ সম্ভাৱনা৷ পশ্চিমবংগৰ উপকূলীয় অঞ্চলত প্ৰশাসনে লৈছে সাৱধানমূলক ব্যৱস্থা৷ গংগা সাগৰ অঞ্চলত প্ৰশাসনে নিয়োজিত কৰিছে নিৰাপত্তাবাহিনীক ৷

CycloneDaily time axomIndiaMeteorological DepartmentSitrang