Daily Time Axom

সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

41

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেনা বাহিনীৰ বিশেষ বিমানযোগে উপস্থিত মোদী। দেশৰ পহৰাত নিয়োজিত জোৱানৰে উদযাপন কৰিব দীপাৱলী। সামৰিক পোছাকত দেখা গৈছে নৰেন্দ্ৰ মোদীক। পূৰ্বেও সেনা বাহিনীৰ জোৱানৰে দীপাৱলী উদযাপন কৰিছে মোদীয়ে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা আঠ বছৰ ধৰি সেনা জোৱানসকলৰ সৈতে দীপাৱলী উৎসৱ উদযাপন কৰি আহিছে।২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা,তেওঁ সদায় জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰি আহিছে।

Comments are closed, but trackbacks and pingbacks are open.