Daily Time Axom

আজি পোহৰৰ উৎসৱ দিপাৱলী

44

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দেৱালীৰ লগতে আজি দেশত চলিছে কালি পূজাৰ প্ৰস্তুতিও। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন হ’ব কালি পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীত মা কালী ভক্তই চলাইছে পূজাৰ আয়োজন।

শ্ৰী ৰামচন্দ্ৰই ১৪ বছৰ বনবাস খাটি সীতাৰ সৈতে অযোধ্যালৈ ঘূৰি অহাৰ আনন্দতেই প্ৰজাগণে পোহৰেৰে অযোধ্যক উদ্ভাসিত কৰি তোলাৰ পৰম্পৰা অনুসৰিয়েই সমগ্ৰ দেশতে পালন কৰা হয় পোহৰৰ উৎসৱ দিপাৱলী।

Comments are closed, but trackbacks and pingbacks are open.