Daily Time Axom

ইণ্ডোনেছিয়াৰ যাত্ৰীবাহী জাহাজত অগ্নিকাণ্ড, ১৪ জনৰ মৃত্যু

0 36

জানিব পৰা মতে, জাহাজখন নুছা টেংগাৰা প্ৰদেশৰ কুপাঙৰ পৰা কালাবাহীলৈ গৈ আছিল। যাত্ৰাৰ মাজতে সংঘটিত হৈছিল এই ঘটনা। জাহাজখনত যাত্ৰীৰ সংখ্যা আছিল ২৪০ জন।

ইণ্ডোনেছিয়াৰ নেচনেল চাৰ্চ এণ্ড ৰেচকিউ এজেন্সীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে ২২৬ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। অগ্নিকাণ্ডৰ কাৰণ তদন্ত অব্যাহত আছে। দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ইণ্ডোনেছিয়া ১৭ হাজাৰতকৈ অধিক দ্বীপৰে গঠিত। দেশৰ জলপথত সংঘটিত হোৱা দুৰ্ঘটনা এক সাধাৰণ পৰিঘটনাত পৰিণত হৈছে। প্ৰায়ে নাও ডুব যোৱাৰ ফলত সৰু-বৰ দুৰ্ঘটনাৰ খবৰ পোৱা যায়। দুৰ্ঘটনা হ্ৰাস কৰাত সক্ৰিয় হৈ পৰিছে প্ৰশাসন।

Leave A Reply

Your email address will not be published.