হোৱাইট হাউছত জ্বলি উঠিল দীপাৱলীৰ লাইট। সোমবাৰে হোৱাইট হাউছত দীপাৱলী উদযাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁৰ লগত আছিল আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন। দীপাৱলী উদযাপনত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছো উপস্থিত আছিল। জানিব পৰা মতে সোমবাৰে হোৱাইট হাউছত দীপাৱলীৰ আটাইতকৈ ডাঙৰ উৎসৱ উদযাপন কৰা হয়। যদিও দীৰ্ঘদিন ধৰি হোয়াইট হাউছত দীপাৱলী উদযাপন কৰি আহিছে, তথাপিও এইবাৰ এনেধৰণৰ ধুমধামেৰে দীপাৱলী উদযাপন কৰা হৈছে।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কয়, ‘বিশ্বৰ প্ৰায় এক বিলিয়ন লোকে আজি দীপাৱলী উদযাপন কৰিছে। বেয়াক পৰাস্ত কৰি ভালৰ জয় উদযাপন কৰিবলৈ সকলোৱে দীপা জ্বলাইছিল। দীপাৱলীৰ দিনা অজ্ঞানতা আৰু অন্ধকাৰ বিনাশ হয়। পোহৰ আৰু জ্ঞানে জয়ী হয়।” ভাৰতীয় মূলৰ কমলাই লগতে কয়, ‘দীপাৱলীৰ দিনা আমি পৃথিৱীৰ সকলো উজ্জ্বল বস্তু চাব লাগে। অশুভ শক্তিয়ে আমাক যিমানেই হিংসাৰ দিশে ঠেলি নলওক কিয়, আমি সকলোৰে মাজত সদিচ্ছাৰ পোহৰ বিয়পাই দিওঁ।”
হোৱাইট হাউছৰ দীপাৱলী অনুষ্ঠানলৈ প্ৰায় ২০০ জন ভাৰতীয়ক আমন্ত্ৰণ জনোৱা হৈছিল। হোৱাইট হাউছত উপস্থিত সকলো ভাৰতীয় নৃত্য সংগীতত ডুব গৈছিল। বলীউডৰ গীতত নৃত্য কৰি ভাৰতীয় চিতাৰ বাদক ঋষভ শৰ্মাৰ সুৰত মূহুৰ্ত হৈ দীপাৱলীৰ সন্ধিয়াটোক আন এক স্তৰলৈ লৈ গ’ল। দিনটোৰ অতিথিসকলে ভাৰতীয় সাজ-পোছাক পৰিধান কৰিছিল। অনুষ্ঠানৰ শেষত অতিথি সকলক ভাৰতীয় খাদ্য পৰিবেশন কৰা হয়। আমেৰিকাৰ প্ৰশাসনৰ সৰ্বোচ্চ ভৱনত দীপাৱলী উদযাপন কৰি আনন্দত আত্মহাৰা হৈ পৰিছে ভাৰতীয় আমেৰিকানসকল।
এই অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়েও ভাষণ দিয়ে। বাইডেনৰ মতে, ক’ভিড-পত্তৰ যুগত আমেৰিকাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহৰ ভূমিকা অনস্বীকাৰ্য। তেওঁ কয়, “আমেৰিকাৰ অৰ্থনীতিয়ে সকলোৰে বাবে সমানে কাম কৰে। আৰু সেই শক্তিশালী অৰ্থনীতি গঢ়ি তোলাত দক্ষিণ এছিয়াৰ গোটটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।” প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে নিউয়ৰ্ক প্ৰশাসনে ঘোষণা কৰিছিল যে দীপাৱলী উপলক্ষে সকলো বিদ্যালয়তে বন্ধৰ দিন দিয়া হ’ব। অহা বছৰৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।