Daily Time Axom

মলাইকাৰ জন্মদিন, শুভেচ্ছা বাৰ্তাত কি লিখিছিল প্ৰেমিক অৰ্জুনে ?

0 46

স্বাভাৱিকতে বি-টাউন উত্তেজিত হৈ পৰিছে কিয়নো বিশেষ কাৰোবাৰ শুভেচ্ছাৰ ওপৰত গুৰুত্ব এই দিয়া হৈছে। তেওঁ আন কোনো নহয় স্বয়ং অৰ্জুন কাপুৰ। অৰ্জুন-মলাইকাৰ যোৰাটো কিছুদিনৰ পৰা চৰ্চিত হৈ আহিছে। বয়সৰ ব্যৱধানকে ধৰি একাধিক বিষয়ত কটুক্তিৰ পৰা আৰম্ভ কৰি ট্ৰ’ললৈকে বহুত হৈছে।

কিন্তু এইবোৰ বিষয়ত দুয়োজনে কেতিয়াও বেছি আমনি কৰা দেখা পোৱা নগ’ল। এতিয়া কামত ব্যস্ত থকাৰ লগতে বাকী সময়খিনি ইজনে সিজনক দিয়ে।

প্ৰেমিকাৰ জন্মদিনত প্ৰেমিক কাপুৰে বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছে। অৰ্জুন কাপুৰে নিজৰ ছ’চিয়েল মিডিয়াত দুয়োৰে এখন ছবি পোষ্ট কৰে। আৰু তেওঁ লিখিছিল, “জন্মদিনৰ শুভেচ্ছা। যিদৰে আছা, সুখী হৈ থাকা। অৰ্জুনৰ এই শুভেচ্ছা বাৰ্তা ছচিয়েল মিডিয়াত বিভিন্ন ঠাইত প্ৰচাৰ হৈছে। বহুতে দুয়োৰে ছবিও শ্বেয়াৰ কৰিছে।

অৰ্জুনৰ উপৰিও অমৃতা আৰোৰা, কৰীনা কাপুৰ, কৰিশ্মা কাপুৰকে ধৰি আন বহু বি-টাউন তাৰকাৰে মলাইকাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.