কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক ‘মদাহী’ বা ‘চৰিত্ৰহীন’ বুলি কোৱাটো নিষ্ঠুৰ

কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক ‘মদাহী আৰু চৰিত্ৰহীন বুলি অভিযোগ উত্থাপন কৰাটো নিষ্ঠুৰতাৰ সমান বুলি ঘোষনা বোম্বাই উচ্চ ন্যায়ালয়ৰ।

পুনেৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ৫০ বছৰীয়া পত্নীয়ে পৰিয়ালৰ আদালত গোচৰ দিছিল। ২০০৫ চনৰ নৱেম্বৰ মাহত আদালতে তেওঁলোকৰ বিবাহ ভংগ কৰাৰ সপক্ষে ৰায় দিয়ে। সেই ৰায়ক প্ৰত্যাহ্বান জনাই মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাৰ পাছত ডেৰ দশকৰো অধিক সময় পাৰ হোৱাত মানুহজনৰ মৃত্যু হয়। অৱশেষত উচ্চ ন্যায়ালয়ে পৰিয়াল আদালতৰ ৰায়ক সমৰ্থন কৰে। মহিলা গৰাকীৰ এজাহাৰো খাৰিজ কৰা হয়। মন কৰিব যে স্বামীৰ মৃত্যু হ’লেও আদালতত হাজিৰ হ’বলৈ কোৱা ব্যক্তিজনৰ আইনী উত্তৰাধিকাৰী তেওঁ আছিল।

ন্যায়াধীশ নীতিন জামদাৰ আৰু ন্যায়াধীশ শৰ্মিলা দেশমুখৰ এখন সংমণ্ডল বিচাৰপীঠে কয় যে কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক বদনাম কৰিবলৈ স্বামীৰ ওপৰত এনে মিছা অভিযোগ উত্থাপন কৰাটো নিষ্ঠুৰতাৰ সমান। আদালতে জনোৱা মতে, ব্যক্তিজন সেনা বিষয়া। মেজৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। সমাজত তেওঁৰ এটা সন্মানজনক স্থান আছিল। এনে অৱস্থাত তেওঁৰ পত্নীয়ে তেওঁৰ বিৰুদ্ধে এনে অভিযোগ আনিছিল। কিন্তু তেওঁ নিজৰ বক্তব্যৰ বাহিৰে আন কোনো প্ৰমাণ দাখিল কৰা নাই তেওঁৰ বক্তব্যৰ সমৰ্থনত।

ইফালে, মৃতকৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তাই অভিযোগ কৰে যে মৃতকৰ পত্নীয়ে নিয়মীয়াকৈ স্বামীক নিৰ্যাতন চলাইছিল। আৰু তেওঁৰ সন্তান আৰু নাতি-নাতিনীৰ পৰা তেওঁক পৃথক কৰিলে। ইয়াৰ পিছতে আদালতে নিজৰ ৰায়দান কৰি কয় যে পৰিয়াল আদালতৰ ৰায় বাহাল ৰখা হৈছে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment